Category গল্প

আঙুৰ ফুলিছে

 মেঘনা চৌধুৰী         দুৰাতি তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ, বুজনি, দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক ভ্ৰুকুটিহে কৰিছে৷ ৰোগীৰ সৈতে অন্তৰৰ পৰা একাত্ম হ’লেও কোনোদিন তাই বৃত্তিগত আৰু ব্যক্তিগত জীৱনক একাকাৰ কৰা নাই৷ তাইৰ নিজৰ…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (৩০) বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷ চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ…

হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ

 লক্ষ্যজিৎ হাজৰিকা          বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ ব্যতিক্ৰম নহয়৷ তৃতীয় লিংগৰ লোকসকলৰ হাঁহি-কান্দোন, সুখ-দুখ, তেওঁলোকৰ সামাজিক স্থানৰ বিৱৰণ গল্পৰ মাজত দেখিবলৈ পোৱা যায়৷…

এঘণ্টাৰ গল্প

মূল : কেইট  চ’পিন, The story of an hour  অনুবাদ : নিংকু নিশা নেওগ           মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে।   …

সম্পৰ্ক

 নীলাক্ষী চলিহা গগৈ   ‘আহিছে কোনোবা’, ফুচফুচাই ক’লে নিভাই। ‘গগৈদা হ’ব’, কাণ উনাই ক’লোঁ মই। ‘নহয়৷’ ‘কোননো আছে আৰু…??’ আমাৰ ঘৰটো দুমহলীয়া। আমি থকা ওপৰ মহলালৈ কোনোবা উঠি আহিছে যেন লাগিল। প্লাষ্টাৰ নকৰা, খহটা পকাৰ চিৰিটোৰে হাৱাই ছেণ্ডেলৰ চেটেপ্ চেটেপ্…

স্বৰ বিভ্ৰান্তি

 গীতিমণি গোস্বামী (বৰঠাকুৰ)   মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ, কান্দিছোঁ, ভাবিছোঁ৷ ভাবিছোঁ, কান্দিছোঁ, হাঁহিছোঁ৷ কথা ক’ব খোজা মোৰ মুখখন মেল খাই ৰৈ আছে৷ মেলা মুখখনেদি মোৰ ভিতৰলৈ পৃথিৱীৰ অনেক তুচ্ছ…

ছল্ট ষ্ট’ৰী

 নীলোৎপল বৰুৱা   : চোৱাঁ…নিমখ মূল কথা। নিমখ অনুঘটক। নিমখ সংঘটক। নিমখ মেইন। দুবদুবকৈ শ্ৰীযুত হাজৰিকাৰ হৃৎপিণ্ড‌ই শব্দ কৰিছে। তেখেতৰ সিৰা আৰু ধমনীবোৰৰ ভিতৰ ফালে ডাঠ চৰ্বীৰ আস্তৰণ পৰিছে। সেই প্ৰলেপৰ মাজৰে সৰকি যোৱা তেজৰ ফোৱাৰাবোৰে পৃথিৱীৰ পৰা লোৱা বতাহ…

সাহিত্য সমাজৰ দাপোণ

 মনমী ভট্টাচাৰ্য   আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী, “সাহিত্য সমাজৰ দাপোন।” সমাজৰ আবেগ অনুভূতি, আশা নিৰাশা, হা– হুতাশ হেনো প্ৰতিফলিত হয় সাহিত্যত। সেই বয়সত সমাজ মনত ৰাখিবলগীয়া সংজ্ঞা মাথোঁ,  তেনেস্থলত কথাষাৰৰ যথাৰ্থতা বুজাৰ সামৰ্থ্য ক’ত! লাহে…

এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি

জীৱন কিশোৰ (১) ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন  ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ ল’লে। সিহঁতৰ বিষয়ে তেওঁ যিমানখিনি কথা জানে,…

অন্য এক অমিতাভ যাত্ৰা

 পৰী পাৰবীন আদিত্যই আহ্নিকলৈ গতি কৰাৰ প্ৰহৰ। চৌপাশে বিৰাজ কৰিছে নিবিড়ঘন শ্যামলিমাই। বিগত কতদিন কতদণ্ড বাৰিষাৰ প্ৰবল ধাৰাই প্ৰকৃতি সজীৱ, পৰিচ্ছন্ন, সহৰ্ষ আৰু প্ৰাণময় কৰি তুলিছে। পশ্চিম আকাশত ঘন নীলবৰ্ণী পৰ্জন্য। ধাৰাসাৰ বৃষ্টিপাত আৰু ঘূৰ্ণীবায়ুৰ উদ্দাম তাল-লয়হীন দ্বৈতনৃত্যৰ নীৰৱ দৰ্শক…