কেথাৰছিছ
মাধুৰ্য্য গোস্বামী কেথাৰছিছ..কেথাৰছিছ.. ৬০ কিলোমিটাৰ স্পীডত চলি থকা ডেৰশ চিচিৰ (অঃ ছ’ৰী, ১৪৯ চিচি) এফ জেড্ বাইকখনৰ গতি ক্ৰমাৎ বাঢ়ি গৈ থাকিল, ৬৫… ৭০… ৮০… ৮৪…সমানে বাঢ়ি গৈ থাকিল তাৰ হৃৎপিণ্ডৰ গতি, ৭৩… ৭৫… ৭৭… ৮০..কেথাৰছিছ! এক্সিলেণ্ট নাম। সি…
মাধুৰ্য্য গোস্বামী কেথাৰছিছ..কেথাৰছিছ.. ৬০ কিলোমিটাৰ স্পীডত চলি থকা ডেৰশ চিচিৰ (অঃ ছ’ৰী, ১৪৯ চিচি) এফ জেড্ বাইকখনৰ গতি ক্ৰমাৎ বাঢ়ি গৈ থাকিল, ৬৫… ৭০… ৮০… ৮৪…সমানে বাঢ়ি গৈ থাকিল তাৰ হৃৎপিণ্ডৰ গতি, ৭৩… ৭৫… ৭৭… ৮০..কেথাৰছিছ! এক্সিলেণ্ট নাম। সি…
গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ ঠেং-মূৰ দাঙি চক্ৰাকাৰে ঘূৰি থকা অৱস্থাত দেখিলে৷ লুটিয়াই-বগৰাই দিলে সি পুনৰ হৈ জীয়া জীৱন এটালৈ ঢাপলি মেলিব৷ আচৰিত…
মুনমী দত্ত হাজৰিকা মেট্ৰিক পৰীক্ষা দি উঠি প্ৰথমবাৰৰ বাবে ‘চাহেবপুৰাৰ বৰষুণ’ পঢ়িছিলোঁ৷ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ আৰু সঠিক যেন লাগিছিল৷ হেই, বৰ্ষা আৱেগিক৷ উচ্চশিক্ষিত ভাবীস্বামী প্ৰান্তিকক এৰি চাহেবপুৰাত ট্ৰেইনৰ পৰা নামি তৎক্ষণাত এন. জি. অ.-ত সোমাই…
পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ ধপ্ধপনিৰ কাৰক হৈ পৰে৷ দুৰ্গন্ধময় বতাহ এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত…
মূল বঙালী : উনিশ শ একাত্তৰ ৰচনা : হুমায়ুন আহমেদ অসমীয়া অনুবাদ: উনৈছ শ এসত্তৰ অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হুমায়ুন আহমেদ লেখকৰ পৰিয়:- চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কথা সাহিত্যৰ প্রবাদ পুৰুষ হুমায়ুন আহমেদৰ জন্ম ১৯৪৮ চনৰ ১৩ নৱেম্বৰত। জন্মস্থান:…
ববিতা কলিতা ২০৭০ খ্ৰীষ্টাব্দলৈ আপোনাক স্বাগতম! কম্পিউটাৰ স্ক্ৰীনত ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ আগতেই উজ্জ্বল বৰ্ণালী এছটা মণিটৰৰ পৰা ওলাই আহি মোৰ চকুত চাট মাৰি ধৰিলে৷ অৱধাৰিতভাৱেই মুদ খাই গ’ল মোৰ চকুদুটা৷ …
যশোৱন্ত নিপুণ চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে৷ আকাশখনো কেৱল নীলা, নীলা আৰু নীলা৷ বগলী এজাক এফালে উৰি গৈ আছে৷ নীলাৰ মাজত বগলী বগা ! আস্ কি সুন্দৰ দৃশ্য ! বগলীজাকৰ…
পাপৰি গোস্বামী পৰমেশ্বৰ কলিতাৰ অসুখ। যোৱা কেইবাদিনো ধৰি পৰমেশ্বৰ কলিতা অসুখী। তেনে কোনো ডাঙৰ বেমাৰো নহয়…। ঠিক খাব নোৱৰা, শুব নোৱৰা বিধৰ অসুখ। দুদিনৰ আগতে ডাঙৰ পুতেক সৌৰভে তেখেতক মেডিচিনৰ ডাক্টৰক দেখুৱাই ভিটামিনৰ টেবলেট, ছিৰাপ আদিও আনিছে। সময়ে সময়ে শ্ৰীমতীয়ে দৰব…
কৰিশ্মা জে. কে. বৈষ্ণৱী কুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল বাকী। এই যে আমি য’ত শেষ বুলি ভাবোঁ, তাত আচলতে আৰম্ভহে হয়- এনে এক ধাৰণা আছিল মোৰ। শৰতৰ প্ৰাকক্ষণ।…
ববিতা কলিতা এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷…