বহাগ
গীতাঞ্জলি বৰকটকী চ’তৰে শেষতে বহাগে পালেহি গছে বনে সলালে পাত। ঢোলটি বাজিলে পেঁপাটি বাজিলে তত নাইকিয়া গাত॥ আয়ে সূতা কাটিছে বায়ে সূতা কাটিছে নেওথনী যঁতৰটি খৰকৈয়ে ঘূৰাইছে ভনীটিয়ে তাঁতৰ পাতত বহি থৈছে গৰকাতে ভৰি ৰঙা ফুলৰ গামোচা ব’বই যে লাগিব…
গীতাঞ্জলি বৰকটকী চ’তৰে শেষতে বহাগে পালেহি গছে বনে সলালে পাত। ঢোলটি বাজিলে পেঁপাটি বাজিলে তত নাইকিয়া গাত॥ আয়ে সূতা কাটিছে বায়ে সূতা কাটিছে নেওথনী যঁতৰটি খৰকৈয়ে ঘূৰাইছে ভনীটিয়ে তাঁতৰ পাতত বহি থৈছে গৰকাতে ভৰি ৰঙা ফুলৰ গামোচা ব’বই যে লাগিব…
দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্র কৰিয়েই শিশু সাহিত্য ৰচনা কৰা হয়। শিশু সাহিত্যই শিশুৰ কল্পনাপ্ৰৱণ মনত জীৱন আৰু জগত সম্পর্কে অনুসন্ধিৎসা জগাই তোলাৰ লগতে আনন্দৰ খোৰাকো যোগান ধৰিব লাগিব। শিশুৰ…
স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷ টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ … সি সৰগ হেন ধুনীয়া ঠাই এখনত আছেহি৷ তাৰ কাষৰপৰাই চাৰিওফালে দূৰ-দূৰণিলৈকে নানা ৰঙৰ ফুলনি, সেউজীয়া গছ-বন, দূৰণিত ওখ পাহাৰ, তাতকৈও দূৰৈত আকাশ চুব খোজা…
অৰুণ গগৈ ঔ গছত মৌ আছে পাতি থৈছে টৌ গছ বগাই ভালুকে খাই আছে মৌ ৷ বাগৰ সলাই মলুৱাই মাৰিছে টোপনি গুণগুণাই ভোমোৰাই কৰিছে আমনি ৷ মাছ নাপাই মেকুৰীয়ে গিলিলে…
অংগনা ভট্টাচাৰ্য্য আজি দেওবাৰ৷ পঢ়াশালি বন্ধ৷ তথাপি ৰিংপ’ৰ মনটো বেয়া৷ পুৱাৰ পৰাই তাই আমন-জিমনকৈ আছে৷ পঢ়া-শুনাতো মনোযোগ দিয়া নাই৷ তৃতীয় শ্ৰেণীত পঢ়িলেও ৰিংপ’ বৰ দায়িত্বশীল৷ সময়মতে পঢ়াশালিলৈ যাবলৈ, পুৱা-সন্ধিয়া পঢ়া-মেজত বহিবলৈ আজিকালি তাইক ক’ব নালাগে৷ আমতেৰেং কিছু সময়ৰ কাৰণে…
স্মৃতিৰেখা দেৱী : তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷ অচিন প্ৰাণীটোৱে হাঁহি হাঁহি কোৱা কথা শুনি বাটলুৱে পিছফালে ঘূৰি চালে৷ সেইটো প্ৰাণীয়েও তাৰ ফালে…
নীলোৎপল বৰুৱা বহু বছৰ আগৰ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম কানহাইলাল। স্থান বাদুংদুপ্পাৰ আখৰাগৃহ। গোৱালপাৰা। চনটো দুহেজাৰ আঠ বা ন। তক্তা বান্ধি বনোৱা বেঞ্চ এখনৰ এমূৰত তলমূৰকৈ বহি থকা মহীৰূহ জনক আমি…
ৰচনা পাঠক অনাবিল বৰবৰা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায়৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং?’ বুলি কৈ মাকে লয় হাতত এচাৰি,…
স্মৃতিৰেখা দেৱী (আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন হাতী, তেওঁৰ নাম বৃকোদৰ৷ হিতৰাম নামৰ বাঘজন সেউজপুৰৰ প্ৰধান সেনাপতি৷ বহুকালৰ পূৰ্বে তীক্ষ্ণদন্ত নামৰ এজন নিগনিয়ে মহাৰাজ কেশৰীৰ এজন…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ ‘অমৰ ঘোষ হ’লি আইলেণ্ড স্কুল’ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT